৩৩ নং বিধানসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ যাত্রা অব্যাহত

 05/23/2019 - 13:16

বিজনী: ৩৩ নং বিধানসভা সমষ্টিৰ চতুৰ্থ আৰু পঞ্চম ৰাউণ্ডৰ গণনা শেষ হ'ল৷ দুয়োটা ৰাউণ্ডৰ অন্তত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ২২২৫৯ টা ভোট পাই প্ৰথম স্থান অধিকাৰ কৰি আছে৷ বিপিএফৰ প্ৰমিলা ৰানী ব্ৰহ্মই ১১৩৬৩ ভোট পাই দ্বিতীয় স্থান পাইছে৷ আৰু ইউপিপিএলৰ ইউ জি ব্ৰহ্মই মুঠ ৯৬৬৬ টা ভোট লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰি আছে ৷

৩৩ নং বিজনী বিধানসভা সমষ্টিত ১০৪৯৬ ভোটত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া আগবাঢ়ি আছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।