ডুমডুমাৰ টিপুক সমবায় সমিতিৰ সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে সামগ্ৰী বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 02/06/2021 - 19:06
 
 
কাকপথাৰঃ মানখোৱা পঞ্চায়তৰ অন্তৰ্গত টিপুক সমবায় সমিতিৰ সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে উত্থাপিত হৈছে সামগ্ৰী বিতৰণত অনিয়মৰ গুৰুতৰ অভিযোগ৷ শ্ৰীমতী দ্ৰৌপদী সিং নামৰ এজেন্ট গৰাকীয়ে দীৰ্ঘদিনৰ পৰা স্থানীয় গ্ৰাহকক সুলভ মূল্যৰ সামগ্ৰী বিতৰণ কৰাৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম কৰি অহাৰ অভিযোগ কৰিছে৷ দৰিদ্ৰ চাহ শ্ৰমিকৰ ৰেচন কাৰ্ড থকা স্বত্বেও তেখেতসকলৰ প্ৰাপ্য ৰেচন তথা চাউল নিদিয়াৰ কাৰণে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰূপাই চাইডিং উপ-শাখা সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত সুলভ মূল্যৰ এজেন্ট গৰাকীৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ আনি এক উত্তাল পৰিবেশ সৃষ্টি কৰে। লগতে অসম চৰকাৰৰ বিভাগীয় বিষয়াক আটছা ডুমডুমা শাখা সমিতি আৰু আটছা ৰূপাই চাইডিং উপ-শাখা সমিতিয়ে অতি শীঘ্ৰে উক্ত এজেন্ট গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ দাবী জনায়৷ অন্যথা আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে। আনহাতে টিপুক সমবায় সমিতিৰ সভাপতি গৰাকীৰ আশীৰ্বাদত এই গৰাকী সিং উপাধিৰ এজেন্টে হিতাধিকাৰীক সময়ে সময়ে সামগ্ৰী বিতৰণ কৰাৰ ক্ষেত্ৰত ঠগ প্ৰৱঞ্চনা কৰি অহাৰ বাতৰি প্ৰচাৰ হৈ আহিছে যদিও জিলা উপায়ুক্তই এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।