ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপিৰ দখলৰ দিশে

 05/23/2019 - 16:16

ডিব্ৰুগড়ঃ সাংসদ ৰামেশ্বৰ তেলীয়ে বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছ প্ৰাৰ্থী পৱনসিং ঘাটোৱাৰক ২০৭০০ ভোটত পিছ পেলাইছে।

বিজেপি প্ৰাৰ্থীগৰাকী ডিব্ৰুগড়ৰ আটাইকেইটা সমষ্টিত অগ্ৰগতি লাভ কৰিছে।

দ্বিতীয় ৰাউণ্ডত হোৱা ভোট গণনাত কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে ৫২০২২ টা, বিজেপিৰ ৰামেশ্বৰ তেলীয়ে ১১২৫৫৬ টা, বহুজন মুক্তি পাৰ্টিৰ ড০ টাইটাছ ভেংৰাই ১০৯৪ টা, এন পি পিৰ ভবেন বৰুৱাই ১৮৭৮ টা, নিৰ্দলীয় অপূৰ্ব শইকীয়াই ৫৬৯ টা, ইজৰাইল নন্দই ৬৯৫ টা, নুৰুল হুদা ইমদাদুল ইছলাম শইকীয়াই ৯০৪ টা আৰু ৰুবুল বুঢ়াগোহাঁইয়ে লাভ কৰিছে ১২৬০ টা ভোট।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।