02/15/2021 - 15:06
in
লংকাঃ লংকাত সদৌ অসম ভেঞ্চাৰ সংস্কৃতটোল শিক্ষক সন্থায়ে এক সংবাদ মেল আয়োজন কৰে৷ সংবাদ মেলত সংস্কৃত টোলসমুহ ৰাজ্য বন্ধ কৰি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে আৰু চৰকাৰে এনে সিদ্ধান্ত অতি সোনকালে বাতিল নকৰিলে সন্থাটোৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলি জানিব দিয়ে৷ উল্লেখ্য যে, 1947 চনত শ্ৰীহট্ৰ জিলাত স্থাপন কৰাৰ পাছত সংস্কৃত বোৰ্ডখন গুৱাহাটীত চৰকাৰৰ তত্বাৱধানত নিয়াৰিকৈ চলি আছিল৷
আৰু ৰাজ্যখনৰ 688 খন সংস্কৃত টোলৰ ভিতৰত 97 খন চৰকাৰীকৰন কৰাৰ বিপৰীতে 591 খন সংস্কৃতটোলক চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল৷ কিন্ত শেহতীয়া ৰাজ্য চৰকাৰে মাদ্ৰাছা সমুহৰ লগতে সংস্কৃত টোল সমুহ বন্ধ কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে তাকেই লৈ শংকিত হৈ পৰিছে ৰাজ্যখনৰ ভেঞ্চাৰ সংস্কৃত টোলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল৷ সংবাদ মেলত সদৌ অসম ভেঞ্চাৰ সংস্কৃত টোল সন্থাৰ সভাপতি সুভাষ বিশ্বাস আৰু বৰাকভেলীৰ সভাপতি প্ৰশান্ত সিঙকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷