মৰিয়নী বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জয়

 05/23/2019 - 18:40

মৰিয়নী: ১২ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত ১০১ নং মৰিয়নী বিধানসভা সমষ্টিত বিজেপি দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে৷ অভিলেখ সৃষ্টি কৰি পূৰ্বে কাহানিও মৰিয়নীত এই হাৰত ভোট কোনো দলেই লাভ কৰা নাছিল৷ মুঠ ৪৭৬৯১ টা ভোট বিজেপি দলে লাভ কৰে৷ লগতে কংগ্ৰেছে দলে ৩৪৬০৪ টা ভোট পায়৷

বিজেপি ১৩০৮৭ টা ভোটৰ ব্যৱধানত জয়ী হয়৷ কিন্তু তাৰ বিপৰীতে তিতাবৰত কংগ্ৰেছৰ দুৰ্গ উৎক্ষাত কৰাত বিফল হয় বিজেপি৷ তৰুণ গগৈৰ দুৰ্গত নিজৰ অস্তিত্ব অটুট ৰাখি কংগ্ৰেছে মুঠ ৫৭৯৫০ ভোট পায় আৰু বিজেপি দলে ৪৪৮৯৫ টা ভোট পায়৷

তিতাবৰত কংগ্ৰেছ দলে মুঠ ১৩০৫৫ টা ভোটত বিজেপিকৈ আগবাঢ়ি থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।