জামুগুৰিহাট: জামুগুৰিহাটৰ ১ নং ইটাখোলাত তিনি গৰাকীকৈ লোকৰ দেহত মহামাৰী কৰণাৰ আক্ৰান্ত হোৱাৰ খৱৰে এক আতংকময় পৰৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ইটাখোলা অঞ্চলত। যোৱা কালি ১ নং ইটাখোলা নিবাসী চুজিত তচা (৪৫) নামৰ শিল্পী গৰাকী আৰু যতীন ভুঞা(৪২) দেহত ক’ভিড-১৯ ৰ লক্ষন পোৱাৰ পাছত ইটাখোলা নিউ পি এইছ চিৰ ফালৰ পৰা ১নং ইটাখোলাৰ অঞ্চলৰ প্ৰায় ২৫ গৰাকী লোকৰ ৰেপিডটেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰি তেজপুৰ টুমুকীস্থিত চিকিৎসা মহাবিদ্যালয়লৈ নমুনা সমুহ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে কালি ৰেপিটেষ্টৰ বাবে নমুনা সংগ্ৰহৰ সময়ত চপনা তচা নামৰ এগৰাকী তিনি মহীয়া গৰ্ভৱতী মহিলাৰ দেহত ক’ভিড-১৯ ৰ বিজানু থকা কথাটো ধৰা পৰাৰ পাছত ইটাখোলা New PHC ৰ ছজনীয়া চিকিৎসা কৰ্মীৰ দলে তৎকালীনভাৱে ১নং ইটাখোলাত উপস্থিত হৈ ৰেপিটেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক সজাগ সচেতন হৈ নিজৰ ঘৰৰ লগতে সমাজক এই মহামাৰী সদৃশ কৰণাৰ পৰা মুক্ত হবলৈ আহবান জনায়।