গেৰজাইপাম গাঁৱৰ তিনিটা চুবুৰী ক্ৰমে নাথবস্তি, কালিবাৰী আৰু শ্মশানপট্টীত পুনৰ ১১ জনৰ দেহত ক’ভিড়-১৯ পজিটিভ

 04/28/2021 - 13:15

 

কামপুৰ: নগাঁও জিলাৰ কচুৱা তিনিআলিত ভয়ংকৰ ৰূপ লৈছে ক'ৰণা মহামাৰীয়ে। অঞ্চলটোৰ গেৰজাইপাম গাঁৱৰ তিনিটা চুবুৰী ক্ৰমে নাথবস্তি; কালিবাৰী আৰু শ্মশানপট্টীত পুনৰ ১১ জনৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰিছে। আজি ২০২ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। গণ সংক্ৰমন হোৱাত গাঁওখনত দুদিনত সৰ্বমুঠ ২৩ জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। আক্ৰান্ত্ৰ লোকসকলৰ মাজত দুটি শিশু আৰু এঘাৰ গৰাকী মহিলাও আছে৷ গাঁওখনক কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষনা কৰিছে প্ৰশাসনে। আজি উচ্চ পদস্থ স্বাস্থ্যকৰ্মীসকল উপস্থিত হৈ গাঁওখনৰ লোকসকলক স্বাস্থ্য পৰীক্ষা কৰে। সোমবাৰে কেইবাখনো বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল গাঁওখনত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।