ভেকোঁভাওনাত মডেল বিটিচিঃ দলঙৰ অভাৱত মৰণত শৰণ দি যাতায়ত ছাত্ৰ-ছাত্ৰীৰ

 05/24/2019 - 12:58

শ্ৰীৰামপুৰঃ যি সময়ত ডিজিটেল ইণ্ডিয়াৰ বাস্তৱ ৰূপ দিবলৈ ভাৰত চৰকাৰে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়ত অসমৰ বাট-পথ, দলং আৰু বিধ্বস্ত কালভাৰ্টৰ ছবিয়ে উন্নয়নৰ বিফলতা স্পষ্ট কৰি তুলিছে। বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী যি সময়ত বিটিচিক আদৰ্শ ৰূপত গঢ়ি তুলিবৰ বাবে দিনে নিশাই চেষ্টা চলাই আহিছে তেনে সময়ত বিপদশংকুল যাতায়াত ব্যৱস্থাই ৰাইজক জীয়াতু ভোগাইছে।

উন্নয়নৰ নামত বিটিচি চৰকাৰে ৰাইজক চৰম প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। দলঙৰ অভাৱত বিপদশংকুলভাৱে নদীৰে যাতায়ত কৰি আহিছে গাঁওবাসী। হাগ্ৰামা মহিলাৰীৰ সপোনৰ মডেল বিটিচি ভেকোঁভাওনাত পৰিণত হৈছে। এখন দলঙৰ অভাৱত দীৰ্ঘ দহ-পোন্ধৰ বছৰে চৰম জীয়াতু ভোগ কৰিছে দহ বাৰখন গাঁৱৰ ৰাইজে।

বিটিচিৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ গাতে লাগি থকা তথা গোসাঁইগাঁও মহাবিদ্যালয়ৰ নিচেই কাষত থকা মদাতি নদীত এখন কাঠৰ দলং আছিল যদিও দলংখন প্ৰায় পাঁচ বছৰ পূৰ্বে বাৰনি পানীত উঠি যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। দহ বাৰখন গাঁৱৰ ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে যদিও খবৰ নাই অসম তথা বিটিচি চৰকাৰৰ। যি সময়ত যাতায়ত ব্যৱস্থা উন্নত কৰিবলৈ দলং, বাট পথ, কাৰ্লভাট নিৰ্মাণৰ নামত বিটিচি চৰকাৰে কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়ত গোসাঁইগাঁও সদৰ চহৰৰ নিকটৱৰ্তী এখন দলঙে সকলোৰে চকু কপালত তুলিছে।

প্ৰকৃততে যে বিটিচিৰ কিমান উন্নতি হৈছে সেয়া এইখন দলঙে প্ৰমাণিত কৰিছে। ডিজিটেল ইণ্ডিয়াৰ নগ্ন ৰূপ। হয়তো তেনেকুৱা যাতায়ত ব্যৱস্থা দেশ বা ৰাজ্যৰ আন কোনো ঠাইতে নাই। বিটিচিৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ গাতে লাগি থকা মদাতি নদীৰ ওপৰত থকা এখন দলং নথকাত গাঁওকেইখনৰ শিক্ষা, স্বাস্থ্য, যাতায়াত, ব্যৱসায়-বাণিজ্য আদি কৰি সৰ্বদিশতে ব্যাঘাত জন্মিছে। উক্ত স্থানত কাঠৰ দলংখন বিগত আঠ-দহ বছৰ পূৰ্বে বানপানীত উঠি যায়।

তেতিয়াৰ পৰাই ব্যাহত যাতায়াত ব্যৱস্থা। গুৱাবাৰী এক,দুই,তিনি,চাৰি,লালপাৰা,ঠুৰিবাৰী,ৰাভা পাৰা, টকেয়ামাৰি আদি কৰি বাৰখন গাঁৱৰ প্ৰায় ১৫-২০ হেজাৰ লোক যাতায়ত কৰিবলগীয়া এয়াই একমাত্ৰ পথ। উক্ত গাঁৱৰ ৰাইজে গোসাঁইগাঁও সদৰ চহৰত যাবলৈ এইটো পথ। কিন্তু মদাতি নদীত দলং নথকাত পূৰ্বতে লোৰ জৈছ দি যাতায়াত কৰিছিল যদিও সেয়া পানীত পৰি যোৱাত আন কোনো সুবিধা নাই। ফলত নদীৰে ভাঁহি অহা পানা(কচুৰী)দম খাই থকাত ইয়াৰ ওপৰেৰে যাতায়াত কৰিছে।

মৰণত শৰণ দি জীৱনক হাতত লৈ দৈনিক স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী, গাঁৱৰ লোকসকলে দৈনিক অহা যোৱা কৰিছে গোসাঁইগাঁও সদৰ চহৰলৈ। গোসাঁইগাঁও সদৰ চহৰ লৈ যোৱাৰ উপৰোক্ত গাঁওকেইখনৰ একমাত্ৰ পথ এইটোৱেই। অঞ্চলবাসীয়ে মদাতি নদীত এখন দলং নিৰ্মাণ কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক দাবী জনাই বাস্তৱত হৈ নুঠিল। অকল দলংখনেই নহয় গুৱাবাড়ি গাঁৱত থকা এখন কাঠৰ দলং আৰু বিধ্বস্ত পথছোৱাই জীয়াতু ভোগাইছে অঞ্চলবাসীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।