কলগাছিয়াত বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা মিল জব্দ

 04/30/2021 - 14:50

 

কলগাছিয়া: বৰপেটাৰোড বন সংমণ্ডলৰ অন্তৰ্গত পূৱ কলগাছিয়াত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে কাঠ ফলা মেচিন, পাৱাৰপাম্প মেচিনসহ উচ্ছেদ কৰি লৈ যায়। উল্লেখযোগ্য যে, প্ৰশাসনৰ চকুৰ আগত দীৰ্ঘদিন ধৰি কলগাছিয়া, খাৰবাল্লী আদিত অবৈধ কাঠফলা মিল চলি আছিল। আজি গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰোড বনবিষয়া জনৈক মহন্তৰ এটি সজাতি দলে কলগাছিয়াৰ বিভিন্ন ঠাইত অভিযান চলায়। অভিযানকালত পূৱ কলগাছিয়াৰ পৰা এটি কাঠফলা মিল উচ্ছেদ কৰে। ইফালে বেকী নদীত অবৈধ বালি খনন কাৰ্য চলি থকা সন্দৰ্ভতো মাজে মাজে বালিখনন কৰা গাড়ী জব্দ কৰিছে বুলি মন্তব্য কৰে বনবিষয়াই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।