উত্তৰ গুৱাহাটীত কৃত্রিম বান

 05/24/2019 - 14:47

গুৱাহাটী: বাৰিষা কাল উত্তৰ গুৱাহাটীৰ বহু পৰিয়ালৰ বাবে অভিশাপ। এজাক মাত্ৰ বৰষুণ দিলেই ৰহধলা, মধুপুৰ, কটাহবজাৰ, কলবাৰী, অভয়পুৰকে ধৰি কেইবাটাও অঞ্চলৰ বাট-পথ, ঘৰ ইত্যাদি কৃত্ৰিম বানত বুৰ যায়।

ফলত ৰাইজে হাৰাশাস্তি ভোগাৰ লগতে নানান অসুবিধাৰ সন্মুখীন হয়। যধেমধে উদ্যোগ স্থাপন আৰু ন ন আৱাসিক অঞ্চলসমূহ অপৰিকল্পিতভাৱে গঢ়ি উঠাৰ কাৰণে ঘোঁৰাজানকে ধৰি বিভিন্ন প্ৰাকৃতিক নলা নৰ্দমাবোৰৰ ওপৰত অবৈধ বেদখল হোৱাৰ পৰিণতিতে উত্তৰ গুৱাহাটীৰ ন ন অঞ্চলবোৰ কৃত্ৰিমবানৰ কবলত পৰিছে।

আজিৰ বৰষুণ জাকৰ পাছতে কলেজ নগৰত কৃত্ৰিম বানৰ পৰিস্থিতি উদ্ভৱ হৈছে। খবৰ অনুযায়ী আন বহু অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।