ডিমৌঃ শিৱসাগৰ জিলাৰ ডিমৌত কালি নিজ মাতৃয়ে এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীর্ণ হােৱা ষােল্ল বছৰীয়া কন্যাক গােপন অভিসন্ধিৰে এজন বিবাহিত পুৰুষৰ সৈতে বলপূর্বকভাৱে বিবাহপাশত আবদ্ধ কৰাবলৈ চেষ্টা কৰাৰ অভিযােগত ডিমৌ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। যি ঘটনাই ডিমৌত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি ডিমৌ আৰক্ষীয়ে কিশােৰীগৰাকীৰ মাতৃ ৰূপামণি কোঁৱৰ আৰু ৰাজু চেতিয়া নামৰ লােকজনক ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰা আৰু বাল্য বিবাহ প্রতিৰােধ আইন ২০১৬/১০ ধাৰাত ২০৭/২০১৯ নম্বৰত এক গােচৰ পঞ্জীয়ন কৰি শিৱসাগৰ আদালতত হাজিৰ কৰােৱাৰ পিছত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে।
প্রাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনীৰ মহানী গাঁৱৰ নিৱাসী প্রয়াত প্রফুল্ল কোঁৱৰৰ পত্নী ৰূপামণি কোঁৱৰে নিজা কন্যাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হােৱাৰ অজুহাতত কালি গােপন অভিসন্ধিৰে নিজ ঘৰৰ পৰা উলিয়াই আনি মৰাণ ৰাজগড়ৰ পৰা বাছেৰে ডিমৌৰ নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ঊষাপুৰ নিৱাসী তিনি সন্তানৰ পিতৃ ৰাজু চেতিয়া নামৰ লােকজনৰ ঘৰলৈ লৈ আহে। মাতৃগৰাকীয়ে মানৱীয় অনুভূতিক জলাঞ্জলি দি পূৰ্বৰে পৰা বিতর্কিত সম্পৰ্ক ৰক্ষা কৰি অহা ৰাজু চেতিয়া নামৰ লােকজনক ৰাজগড়লৈ মাতি দুয়াে মিলি কিশােৰী কন্যাক গাড়ীত উঠাই ডিমৌলৈ লৈ আনে।
অতি আশ্চর্যজনকভাৱে এটা নিশা ৰাজু চেতিয়াৰ ঘৰত অতিবাহিত কৰাৰ পিছত নিজ মাতৃ ৰূপামণিয়ে কিশােৰী কন্যাক পৰৱৰ্তীৰ দিনা পুৱা ৰাজু চেতিয়াৰ সৈতে বিয়া দিয়াৰ উদ্দেশ্য নিজ কন্যাৰ শিৰত বলপূর্বকভাৱে সেন্দুৰ দিবলৈ চেষ্টা কৰে। কিন্তু নিজ মাতৃৰ তেনে কু-অভিসন্ধি বুজিব পাৰি কণমানি কিশােৰীজনীয়ে প্রতিবাদ কৰে।
ঘটনা সম্পর্কে জানিব পাৰি উষাপুৰ গাঁৱৰ স্থানীয় মহিলাসকলে ঘটনা সম্পর্কে নিতাইপুখুৰী আৰক্ষী চকীত খবৰ দিয়ে। কালি বিয়লি ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক সঞ্জীৱ কুমাৰ বৰুৱা আৰু নিতাইপুখুৰী আৰক্ষী চকীৰ বিষয়া ব্ৰজেন গােহাঁইৰ নেতৃত্বত যােৱা এটা দলে ঊষাপুৰ গাঁৱৰ পৰা ষোল্ল বছৰীয়া কিশােৰীজনীক উদ্ধাৰ কৰাৰ লগতে উক্ত জঘন্য কাণ্ড লগত জড়িত নাহৰকটীয়াৰ চাচনীৰ মহানী গাঁৱৰ ৰূপামণি কোঁৱৰৰ লগতে উষাপুৰ গাঁৱৰ দামােদৰ চেতিয়াৰ পুত্ৰ ৰাজু চেতিয়াক কৰায়ত্ত কৰি থানালৈ আনে। ডিমৌ আৰক্ষীয়ে ৰূপামণি কোঁৱৰ আৰু ৰাজু চেতিয়াক জে’ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে নির্যাতিত কিশােৰীক শিৱসাগৰ জিলা সুৰক্ষা সমিতিক চমজাই দিয়ে।