গুৱাহাটীত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক বক্সিঙৰ ফাইনেলত প্ৰৱেশ মেৰীকমৰ

 05/24/2019 - 15:45

ডিজিটেল ডেস্ক: গুৱাহাটীৰ সৰুসজাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তৰ্জাতিক বক্সিঙৰ ফাইনেলত স্থান লাভ কৰিছে ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰা ভাৰতৰ মহিলা বক্সাৰ এম চি মেৰীকমে।

বৃহস্পতিবাৰে অনুষ্ঠিত মহিলাৰ ৫১ কেজি শাখাৰ ছেমিফাইনেলত মেৰীকমে আন এগৰাকী ভাৰতীয় বক্সাৰ নিখাত জাৰিণক পৰাস্ত কৰে। আজি অনুষ্ঠিত হ'বলগীয়া মেচখনত মেৰীকমে বানলাল ডৌটিৰে সৈতে মুখামুখি হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।