উগ্ৰপন্থীয়ে গুলিয়াই হত্যা কৰা অৰুণাচলৰ বিধায়ক তিৰোংগ আবোৰ জয়লাভ

 05/24/2019 - 17:43

ডিজিটেল ডেস্কঃ অৰুণাচলৰ টিৰাপ জিলাত সন্দেহযুক্ত এনএছচিএন(আইএম)এ যোৱা ২১ মে’ত গুলিয়াই হত্যা কৰা বিধায়ক তিৰোংগ আবোয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে।

এনপিপি দলৰ বিধায়কগৰাকীয়ে মৰণোত্তৰভাৱে খুমছা(পশ্চিম)সমষ্টিৰ পৰা ১০৫৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। অৰুণাচলত মুঠ ৬০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৪ খন আসন।

আনহাতে এনপিপিয়ে লাভ কৰিছে ৫ খন আসন। পশ্চিম খুমছা সমষ্টিত তিৰোংগ অবোৰ এয়া দ্বিতীয় জয়। উল্লেখ্য যে, ২১ মে’ৰ পুৱা ১১.৩০ বজাত ইটানগৰৰ পৰা খুমছা অভিমুখে গৈ থকা অৱস্থাত উগ্ৰপন্থীৰ গুলীত বিধায়কজনৰ লগতে বিধায়কগৰাকীৰ পুত্ৰসহ মুঠ ১১ জন লোকৰ মৃত্যু ঘটে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।