প্ৰিয়ংকা গান্ধীয়েও ৰক্ষা কৰিব নোৱাৰিলে কংগ্ৰেছৰ দুৰ্গ

 05/24/2019 - 19:03

ডিজিটেল ডেস্ক: বৃহৎ সংখ্যক ভোট লাভেৰে এইবাৰ পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি দলে। কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে বহুকেইখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল যদিও শেষত বিজেপিয়েহে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল। এইবাৰৰ লোকসভা নিৰ্বাচনত সমগ্ৰ প্ৰচাৰ প্ৰক্ৰিয়াত প্ৰিয়ংকা গান্ধীয়ে মুঠ ৩৮টা ৰেলীত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত ২৬টা ৰেলী তেওঁ উত্তৰ প্ৰদেশত কৰিছিল। বাকী তেওঁ উত্তৰ প্ৰদেশ, দিল্লী, ঝাৰখণ্ড আৰু হাৰিয়ানাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ ৰেলীত অংশগ্ৰহণ কৰিছিল।

প্ৰিয়ংকা গান্ধীয়ে যিকেইটা আসনৰ বাবে প্ৰচাৰ সভাত অংশ লৈছিল তাৰে ভিতৰত ৯৭% আসনতেই কংগ্ৰেছে পৰাজয় স্বীকাৰ কৰে। এইবাৰৰ লোকসভা নিৰ্বাচন ঐতিহাসিক বুলি বিবেচনা কৰাৰ বহুকেইটা থল আছিল। এইবাৰৰ নিৰ্বাচনতে নেহৰু-গান্ধী পৰিয়ালৰ সদস্য প্ৰিয়ংকা গান্ধীয়েও প্ৰথমবাৰৰ বাবে ৰাজনীতি জগতত প্ৰৱেশ কৰে।

তথাপিও কিন্ত্ত তেওঁৰ আগমনত কংগ্ৰেছে বৰ বিশেষ কোনো লাভ হোৱা পৰিলক্ষিত নহ'ল। ছোনিয়া গান্ধীয়ে অৱশ্যে ৰাইবৰেলী ৰক্ষা কৰিবলৈ সক্ষম হ'ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।