ধুবুৰীত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 05/24/2019 - 19:37

পানবাৰী: ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ কালাইৰ চৰ আজাদ এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজে অভিযোগ কৰা মতে মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক গোলাম মোস্তফা আহমেদে ছাত্র-ছাত্রীৰ মধ্যাহ্ন ভোজনৰ নামত ব্যাপক খেলিমেলিৰ সৃষ্টি কৰাৰ লগতে ইউনিফৰ্মৰ ধনো আত্মসাৎ কৰিছে।

ইয়াৰ উপৰি অধ্যক্ষগৰাকীয়ে বিদ্যালয়ৰ দুৱাৰ-খিৰিকীৰ লগতে মাটি ভেটিও বিক্ৰী কৰিবলৈ ওলোৱা বুলি ভয়ংকৰ অভিযোগ তুলিছে ৰাইজে।

স্থানীয় ৰাইজে এতিয়া ছাত্র-ছাত্রীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিষয়টোৰ ওপৰত শিক্ষামন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে আৰু এই অভিযুক্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।