ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কোন বিভাগত উত্তীৰ্ণৰ হাৰ কিমান জানো আহক
বিজ্ঞান শাখাঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ’ল। বিজ্ঞান শাখাত এইবাৰ মুঠ ৩৬,৪৮৯গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰে ১৫৮৬৪গৰাকীয়ে প্ৰথম বিভাগ, ১৩২৩৩গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৪৮২গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৬.৫৯ শতাংশ। উল্লেখযোগ্য যে, ২০১৮ত এই হাৰ আছিল ৮৫.৭৪ শতাংশ।
কলা শাখাঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১৭৮৯৯৮গৰাকী। ইয়াৰে ১৮৫৭৫গৰাকীয়ে প্ৰথম স্থান, ৪২৪৩৯গৰাকীয়ে দ্বিতীয় স্থান আৰু ৭৩৪৮২গৰাকীয়ে তৃতীয় স্থান লাভ কৰে। উচ্চতৰ মাধ্যমিক কলা শাখাত এইবাৰ উত্তীৰ্ণ হাৰ ৭৫.১৪ শতাংশ। ২০১৮ত এই উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৬৮শতাংশ।
বাণিজ্য শাখাঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১৭৭৯৭গৰাকী। ইয়াৰে ৩৭৯৬গৰাকীয়ে প্রথম স্থান, ৫৩০৩গৰাকীয়ে দ্বিতীয় স্থান আৰু ৬৪৯০গৰাকীয়ে তৃতীয় স্থান লাভ কৰে। এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৬.৭৯ শতাংশ। ২০১৮ বৰ্ষত এই উত্তীৰ্ণৰ হাৰ আছিল ৮৪.৬৪ শতাংশ ।