05/25/2019 - 12:38
in
লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱাৰ কনানদিৰ আৱাসী লীলা আৰন্ধৰাৰ সন্তান বিতোপন আৰন্ধৰাই ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰি পুনৰবাৰ লখিমপুৰৰ নাম উজ্বলালে ।
তাৰোপৰি পঞ্চম স্থান প্ৰাপ্ত অয়ন কৌশিক মহন্ত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ আৱাসী ।
কলা শাখাত পুনৰবাৰ চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে জিনিয়াছ একাডেমীয়ে। জিনিয়াছ একাডেমীৰ কলা শাখাৰ ছাত্ৰী শিৱাণী নাথে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে।