ক’ৰণা মহামাৰীৰ সন্ত্ৰাসৰ মাজতে কামৰূপৰ কঞাঁ থানাৰ অন্তৰ্গত দিঙৰাত অঘটনঃ কাচিৰে ডিঙি কটা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

 05/27/2021 - 14:00

 

বাহাৰঘাটঃ ক’ৰণা মহামাৰীৰ সন্ত্ৰাসৰ মাজতে কামৰূপৰ কঞাঁ থানাৰ অন্তৰ্গত দিঙৰাত অঘটন৷ কাচিৰে ডিঙি কাটা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ৷ পুৱাই গাঁওবাসীয়ে বাহনিত প্ৰত্যক্ষ কৰে বিশ্বজিত কলিতা(মুন্না) নামৰ ত্ৰিশবছৰীয়া যুৱকজনৰ মৃতদেহ৷ ওচৰতে পৰি আছে এখন তেজেৰে তুমুৰলি কাঁচি৷ আত্মহত্যাৰ সন্দেহ ৰাইজৰ৷ যুৱকজন গৰমচুং(দিঙৰা) গাঁৱৰ ৺ প্ৰবোধ কলিতা আৰু লুটু কলিতাৰ কনিষ্ঠ পুত্ৰ৷ কিছুদিন আগতে এখন ভৰিত গৰমপানী পৰি আঘাটপ্ৰাপ্ত হৈছিল যদিও উপযুক্ত চিকিৎসা কৰিব পৰা নাছিল যুৱকজনে৷ তীব্ৰ অৰ্থনৈতিক সমস্যাত পৰি আত্মাহত্যাৰ সন্দেহ একাংশ ৰাইজৰ৷ কঞাঁ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।