ক’ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰহা বজাৰ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

 05/30/2021 - 14:58

 


ৰহাঃ ৰহাতো ক্ৰমে ভয়াৱহ ৰূপ লৈছে ক’ৰণাই। বিশেষকৈ ৰহা দৈনিক বজাৰে মাতি আনিছে অধিক বিপদ। পুৱাৰ ভাগত ৰহা দৈনিক বজাৰত দেখা যায় অধিক মানুহৰ সমাগম। সামাজিক দূৰত্ব নামানি তথা ক'ভিডৰ ভয়াৱহতা উলাই কৰি শ শ মানুহৰ সমাগম হয় ৰহা বজাৰত। যাৰবাবে ৰহাত দিনক দিনে বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ। ক’ৰণাৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰহা বজাৰ সমিতিয়ে লৈছে প্ৰশংসনীয় পদক্ষেপ। লকডাউন ঘোষণা কৰিছে। লকডাউনৰ সময়ত কোনো ধৰণৰ দোকান বজাৰ খুলিব নোৱাৰিব, লগতে মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছে।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।