মৰাণত পুৱাই পথ দুৰ্ঘটনা, নিহত ৪জন

 03/10/2019 - 12:05

মৰাণঃ মৰাণত দেওবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। চহৰখনৰ খোৱাং ৰঙালাও বজাৰ চেৰেপাখাটিত সংঘটিত এই দুৰ্ঘটনাত ৪জনকৈ লোক নিহত হয়।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, পুৱা প্ৰায় ৬-৩০ বজাত এএছ০৬-বিচি-২৬৩২ নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে এএছ০৬-এইছ৪২৮৬ নম্বৰৰ মাৰুটিখনৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ৩জনকৈ লোকৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন ৩জন লোক গুৰুতৰভাৱে আহত হয়।

আহতসকলক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসালয়লৈ মহাবিদ্যালয়লৈ নিয়া হয়। চিকিৎসালয়লৈ নিয়াৰ পথতে মাৰুটি গাড়ীখনৰ চালক কনকজ্যোতি শইকীয়া(৩১)ৰ মৃত্যু ঘটে। কনকজ্যোতিৰ ঘৰ শিৱসাগৰ জিলাৰ চাৰিঙত বুলি জানিব পৰা গৈছে।

মাৰুতি বাহনখনত ভাওনাৰ পোছাক থকালৈ চাই কোনো ঠাইত ভাওনা কৰি আহোতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে। অৱশ্যে চালকজনৰ বাদে এই পৰ্যন্ত হতাহত বাকী লোকসকলৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।