গোৱালপাৰাত "কৃষ্ণচূড়া মহোৎসৱ"ৰ প্ৰস্তুতি

 05/25/2019 - 13:52

গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ শোলমাৰীৰ পৰা নৰনাৰায়ণ সেতুলৈ ৰে’ল আলিৰ দাঁতিয়ে দাঁতিয়ে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটিৰ দুয়োটা কাষ প্ৰকৃতিয়ে নান্দনিক ৰূপত সজাই তুলিছে। এফালে ডাৱৰে আৱৰি ৰখা ঘন সেউজীয়া পাহাৰ আনফালে কুমৰি বিল আৰু বুঢ়া লুইতৰ অপাৰ সৌন্দৰ্যই পথচাৰীৰ গতি স্তব্ধ কৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ফুলি উঠিছে কৃষ্ণচূড়া,ৰাধাচূড়া,সোণাৰু ফুলবোৰ। এই নান্দনিক দৃশ্য পৰ্যটকক দেখুৱাবলৈ গোৱালপাৰাৰ এচাম উৎসাহী ব্যক্তিয়ে অহা ১ জুন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে মাকৰিত সাহিত্য,সংগীত, পৰিৱেশ কেন্দ্ৰিক "কৃষ্ণচূড়া মহোৎসৱ" নামেৰে এক পৰ্যটন উৎসৱৰ আয়োজন কৰিছে।

অনুষ্ঠানৰ দিনা পুৱা ৯-০০ বজাত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা পথৰ দাঁতিত গছপুলি ৰোপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হ'ব। পুৱা ১০-০০ বজাৰ পৰা আৰম্ভ হ'ব "ৰাধাচূড়াৰ চোতালত সাহিত্যৰ মেল"। এই অনুষ্ঠানটো বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকৰ কবিতা, গীত-মাতেৰে ৰসাল হৈ উঠিব। দুপৰীয়া ২-৩০ বজাত "মাঞ্চালেংকাৰ আখলত দুপৰীয়া এসাঁজ"।

এই অনুষ্ঠানত অতিথিসকলক স্থানীয় খাদ্যৰে আপ্যায়িত কৰাৰ ব্যৱস্থা কৰিছে গোৱালপাৰাৰ এচাম উদ্যমী যুৱকে। বিয়লি ৩-০০ বজাত পৰ্যটকসকলৰ বাবে "সোনাৰুৰ বাটেৰে লুইতৰ বুকুত বিয়লি দৰ্শন"। এই অনুষ্ঠানৰ যোগেৰে পৰ্যটকসকলক গোৱালপাৰা জিলাৰ ঐতিহ্য আৰু সেই অঞ্চলৰ প্ৰকৃতিয়ে ওপচাই দিয়া নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰোৱা হ'ব।

এই কাৰ্যসূচীৰ লগত থাকিব এখন গ্ৰন্থ প্ৰদৰ্শনী আৰু স্থানীয় ৰাভা জনজাতিৰ বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা এই অনুষ্ঠানটিলৈ অসমৰ সকলো প্ৰকৃতি আৰু সাহিত্যপ্ৰেমী ব্যক্তিক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ ধুবুৰীলৈ যোৱা প্ৰতিখন বাছ অথবা গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ যোৱা পেছেঞ্জাৰ ট্ৰেইনেৰে গৈ মাকৰি ষ্টেচনত নামিব পাৰি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।