তিনি কৃতিমানে ৰক্ষা কৰিলে ডিব্ৰুগড়ৰ মান

 05/25/2019 - 14:28

ডিব্ৰুগড়ঃ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ডিব্ৰুগড় ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা এইবাৰ ৩ গৰাকী কৃতিমানে শীৰ্ষ দহটা স্থানৰ ভিতৰত তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

বিগত বৰ্ষৰ তুলনাত এইবাৰ ডিব্ৰুগড়ৰ স্থান প্ৰাপ্তৰ সংখ্যা হ্ৰাস পালেও ব্যক্তিগত খণ্ডৰ এই তিনি শিক্ষাৰ্থীয়ে মান ৰাখিলে ডিব্ৰুগড়ৰ।

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড় ছল্টব্ৰুক একাডেমীৰ পৰা বিজ্ঞান শাখাত ক্ৰমেঃ চতুৰ্থ, ষষ্ঠ আৰু দশম স্থান লাভ কৰিবৈল সক্ষম হয়।

বিজ্ঞান শাখাত ৪৭৬ নম্বৰ লৈ দীপ্তদীপ ভট্টাচাৰ্যই চতুৰ্থ স্থান ৪৭২ নম্বৰসহ তন্ময়ী হাজৰিকাই ষষ্ঠ স্থান আৰু ৪৬৮ নম্বৰসহ তিতিক্ষা নাথে দশম স্থান লাভ কৰিছে।

শেহতীয়াকৈ এই তিনিগৰাকী কৃতিমানৰ স্থান লাভক লৈ শিক্ষানুষ্ঠানখনত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।