গোৱালপাৰা: সম্প্ৰতি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে গোৱালপাৰাৰ গড়কাপ্তানি বিভাগ। চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু একাংশ ঠিকাদাৰে মিলি লুণ্ঠন অব্যাহত ৰাখিছে বিভাগটোত। জানিব পৰা মতে গোৱালপাৰা চহৰৰ মাজমজিয়াত তথা গোৱালপাৰাৰ আগিয়া পথৰপৰা অধিবক্তা মেহমুদ হুছেইনৰ ঘৰ হৈ শাস্ত্ৰী নগৰলৈ যোৱা পথছোৱা ৩০ লাখ ৭৯ হেজাৰ টকাৰে নিৰ্মাণ কাৰ্য চলি আছে যদিও উক্ত পথছোৱা আধা কাম নোহোৱাতেই এফালৰ পৰা ভাঙি যোৱাত অঞ্চলজুৰি হাহাকাৰৰ সৃষ্টি হৈছে।
এফালে বিভাগটোৰদ্বাৰা নিৰ্মাণ কাৰ্য চলি থকা বহু ৰাস্তা, দলং, পথ মেৰামতি তথা নিৰ্মাণৰ ক্ষেত্ৰত কমিচনৰাজ চলাই চৰকাৰী ধনৰ অপচয় কৰাৰ অভিযোগ উত্থাপিত হৈছে। জিলাখনত বিগত বৰ্ষত দুটাকৈ পথ মেৰামতিৰ নামত চৰকাৰে কোটি কোটি টকা আবণ্টন দিছিল যদিও কেৱল আলকাতৰাৰে ক'লা কৰি ঠিকাদাৰ আৰু বিষয়া-কৰ্মচাৰীয়ে মিলি ভক্ষণ কৰাৰো গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।
কেৱল সেয়াই নহয় যি সময়ত জিলাখনত শিল, মাটিৰ বাবে বন বিভাগে কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা নাই সেই সময়ৰ প্ৰত্যক্ষ সুযোগ লৈ চৰকাৰী ৰাজহ ফাঁকি দি আন জিলাৰ পৰা আধা মাটি আধা শিল মিহলাই যাবতীয় কাম সম্পাদনা হৈ আছে আৰু লাখ লাখ টকা দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰসকলে হজম কৰি আছে।
যাৰ ফলত তিনিমাহ মানৰ পিছতেই সেই ৰাস্তা আকৌ শোচনীয় অৱস্থা হৈ যায়। ফলত চতুৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ মিলি পূৰ্বৰ কলংক ঢাকিবলৈ আৰু নতুনকৈ চৰকাৰী ধন হজম কৰাৰ বাবে অইন আঁচনিৰদ্বাৰা আকৌ ৰূপায়ন কাৰ্য আৰম্ভ কৰে।
এনেকৈয়ে চলিছে গোৱালপাৰাত দুৰ্নীতিৰ বজাৰ। শীঘ্ৰে সমগ্ৰ গোৱালপাৰা জিলাৰ ৰাস্তাসমূহৰ চৰ জমিন তদন্তৰ দাবী জনাইছে সচেতন মহলে।