স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন

 05/25/2019 - 15:24

ডিব্ৰুগড়ঃ মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহৰ ২১৭ সংখ্যক তিৰোভাৱ তিথি তথা সৰ্বানন্দ সিংহ দিৱস আজি মটক সন্মিলন,মটক যুৱ-ছাত্র সন্মিলন, মটক যুৱ-ছাত্ৰ পৰিষদ, মটক ৰাজবংশ উন্নয়ন সমিতি আৰু মটক মহিলা পৰিষদৰ যৌথ উদ্যোগত তিনিচুকীয়া তিনকোনিয়া পুখুৰীস্থিত কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰা হয়।

পুৱা ৯.০০ বজাত তিনিকোণীয়া পুখুৰীৰ নামঘৰত মাঙ্গলিক নাম ধর্ম গায়ন-বায়ন দিৱসটি উদযাপন কৰে। স্বৰ্গদেউ সর্বানন্দ সিংহৰ প্রতিমূর্তিত মাল্যার্পণ আৰু বন্তি প্ৰজ্বলন কৰে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গােহাঁইয়ে। উক্ত অনুষ্ঠানত মটক যুৱ-ছাত্র পৰিষদৰ ভাৰপ্রাপ্ত সভাপতি নিযুত বৰুৱা, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা লগতে কেইটা সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক সমিতিৰ সদস্য-সদস্যাসকল উপস্থিত থাকে।

ইয়াৰ পিছত সর্বানন্দ সিংহৰ প্রতিমূর্তি লৈ দুই শতাধিক বাইকেৰে ন-পুখুৰী, চাউলধোৱা পুখুৰী, শেলুকীয়া পুখুৰীকে ধৰি আটাইকেইটা পুখুৰী পৰিভ্ৰমণ কৰি পদুমনিস্থিত বজাৰ সমাধিস্থল সেৱা দান কৰি শােভাযাত্ৰাৰে শুইজানস্থিত নামঘৰত নাম প্রসংগ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।