হাউলী: আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলে বৰপেটা জিলাৰ হাউলী অঞ্চললৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আল-আমিন মিচন একাডেমীয়ে। একাডেমীখনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত মুঠ ৩৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আটাইকেইজনেই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ২৯ গৰাকী প্ৰথম আৰু ৬ গৰাকী শিক্ষাৰ্থী ২য় বিভাগত উত্তীৰ্ণ হৈছে।
সেইদৰে এজন শিক্ষাৰ্থীয়ে ডিষ্টিংচন আৰু ১২ গৰাকী শিক্ষাৰ্থী ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে মুঠ ৫৫ টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। আল-আমিন মিচন একাডেমী (আমা)ৰ সাফল্যই স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। সেইদৰে হাউলীৰ ছাব লাইম একাডেমীৰ পৰা বিজ্ঞান শাখাত মুঠ ৮৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪৭ গৰাকী প্ৰথম, ৩২ গৰাকী ২য় আৰু ৪ গৰাকীয়ে ৩য় বিভাগত উত্তীৰ্ণ হৈছে।
ইপিনে একাডেমীখনৰ পৰা কলা শাখাত ১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫ জন প্ৰথম, ২ জন ২য় আৰু ৬ জন ৩য় বিভাগত উত্তীৰ্ণ হৈ মুঠতে একাডেমীখনত দুয়োটা শাখাতেই এশ শতাংশ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।
দুয়োটা শাখাতেই মুঠ ৬৩ টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে একাডেমীখনৰ শিক্ষাৰ্থীসকলে।