ছয়গাঁৱৰ উকিয়ামত মহিলাই আৰম্ভ কৰিছে সেউজ বিপ্লৱ

 05/25/2019 - 16:56

গুৱাহাটী: অসম মেঘালয় সীমান্তৱৰ্তী ছয়গাঁৱৰ উকিয়ামত এজাক মহিলাই আৰম্ভ কৰিছে সেউজ বিপ্লৱ৷ কৃষিকৰ্মৰে অন্য এক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে শ শ মহিলাই৷ উল্লেখ্য যে সীমান্তৱৰ্তী এলেকাৰ উকিয়াম আৰু বৰঝাৰৰ কেইবাটাও মহিলা গোটে পুৰুষৰ সহায় নোলোৱাকৈ জালুক, আদা, হালধি আৰু ভোট জলকীয়াৰ খেতি কৰাৰ লগতে নাৰ্চাৰীৰ জৰিয়তে বিভিন্ন ফলমূলৰ পুলি উৎপাদন কৰিছে৷

অৱশ্যে এইসকল মহিলাক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছে ইণ্ডিগ’ এয়াৰলাইনচ নামৰ প্ৰতিষ্ঠানটোৱে৷ ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৰ উদ্যোগত ইণ্ডিগ’ এয়াৰলাইনচ নামৰ প্ৰতিষ্ঠানটোৱে মহিলাসকলৰ উন্নয়নৰ বাবে লোৱা প্ৰকল্পৰ অধীনত এই আঁচনি ৰূপায়ণ কৰা হৈছে৷ ইণ্ডিগ’ এয়াৰলাইনচৰ এই প্ৰকল্পৰ অধীনত ইতিমধ্যে উকিয়াম আৰু বৰঝাৰ অঞ্চলৰ মহিলাসকলক এইক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ তথা উৎপাদিত সামগ্ৰীৰ বজাৰখনো ঠিক কৰি দিছে ৷

গ্ৰামীণ চাহাৰা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে এয়াৰলাইনছৰ এই প্ৰকল্পত কেচু সাৰ প্ৰস্তুত কৰাৰ লগতে ক্ষুদ্ৰ পানীযোগান আঁচনিৰো ব্যৱস্থা কৰা হৈছে ৷ এই প্ৰকল্পত প্ৰতিষ্ঠানটোৱে ১ কোটি ২১ লাখ টকা খৰচ কৰিব বুলি গ্ৰামীণ চাহাৰা কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷ এই প্ৰকল্পৰ জৰিয়তে ২৪ খন গাঁৱৰ ১৫০০ মহিলাক সামৰি প্ৰতিটো পৰিয়ালৰ বছৰত ডেৰ লাখ টকা উপাৰ্জনৰ লক্ষ্য লোৱা হৈছে বুলিও জানিবলৈ দিছে৷

আনহাতে প্ৰথম বৰ্ষতেই মহিলাসকলে যথেষ্ট পৰিমাণৰ আদা, হালধি আৰু জালুক উৎপাদন কৰাৰ লগতে নাৰ্চাৰীৰ জৰিয়তে তামোল আৰু নেমুৰ পুলিৰ লগতে বিভিন্ন ফল মূলৰ পুলি উৎপাদন কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মহিলাসকলে উৎপাদন কৰা আদা আৰু হালধি চুবুৰীয় ৰাজ্য মণিপুৰলৈ চালান দিয়া হয় বুলিও জানিবলৈ দিয়ে৷ এই প্ৰকল্পটো ২০২১ চনলৈ অব্যাহত থাকিব বুলিও গ্ৰামীণ চাহাৰা কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।