ঘূৰাই পালে ছন্দ! ফিনলেণ্ডত পদক নিশ্চিত শিৱ থাপাৰ

 03/10/2019 - 12:34

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অন্তত ছন্দ ঘূৰাই পাবলৈ সমৰ্থ হৈছে অসমৰ বক্সাৰ শিৱ থাপাই। ফিনলেণ্ডৰ হেলছিংকিত অনুষ্ঠিত ৩৮ সংখ্যক জিডি আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশেৰে পদক নিশ্চিত কৰে অলিম্পিয়ান বক্সাৰগৰাকীয়ে।

কোৱাৰ্টাৰ ফাইনেলত শিৱই পোলেণ্ডৰ শক্তিশালী প্ৰতিদ্বন্দী ডমিনিক পালাকক ৫–০ ব্যৱধানত পৰাস্ত কৰে। এতিয়া ছেমি ফাইনেলত শিৱ অৱতীৰ্ণ হ’ব ৰাছিয়াৰ মিখাইল বাৰ্লামুখৰ বিৰুদ্ধে।

শিৱৰ লগতে ভাৰতৰ শচীন বিশ্বাস, মহম্মদ হুছামুদ্দিন, কবিন্দৰ সিং বিষ্ট, দিনেশ দাগৰ আৰু নবীন কুমাৰেও প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখ্য যে সদ্য সমাপ্ত এছিয়ান গেমছতো আশাব্যঞ্জক প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল অৰ্জুন বিজয়ী শিৱ থাপা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।