পৰাজয়ৰ পিছত নতুন দিল্লীত কংগ্ৰেছৰ বৈঠক

 05/25/2019 - 17:36

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ বৃহৎ পৰাজয়ৰ পিছত নতুন দিল্লীত কংগ্ৰেছে আজি এখন বৈঠকৰ আয়োজন কৰে৷ এই বৈঠকখনত ইউপিএৰ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী, পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে আদি কৰি দেশৰ বিভিন্ন কংগ্ৰেছৰ নেতাকৰ্মী উপস্থিত থাকে৷ জানিব পৰা মতে ২০১৯ লোকসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত কংগ্ৰেছৰ বৃহৎ পৰাজয়ৰ ওপৰত আলোচনাৰ বাবে এই বৈঠক আয়োজন কৰা হৈছে৷

কংগ্ৰেছৰ পৰাজয়ৰ পিছত এই বৈঠকত এক ডাঙৰ সিদ্ধান্ত লোৱাৰ আশংকা আছে৷ আনহাতে উত্তৰ প্ৰদেশৰ প্ৰভাৰী ৰাজ বব্বৰেও এউপিত বৃহৎ পৰাজয়ৰ পিছত পদত্যাগ পত্ৰ দাখিল কৰিছে৷ ৰাজ বব্বৰৰ উপৰি অন্য কিছু নেতাই পদত্যাগ দাখিল কৰিলে৷ ২৩ মে'ত ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন ভাৰতীয় জনতা প্ৰাৰ্থীয়ে বহু ভোটত জয়ী হবলৈ সক্ষম হৈছে৷

ভাৰতীয় জনতা প্ৰাৰ্থীয়ে অকলে নিজৰ শক্তি অনুযায়ী শ শ ভোটত জয়ী হয়৷ ইয়াৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যাহু আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ লগতে সমগ্ৰ দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জয়ত শুভেচ্ছা জ্ঞাপন কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।