তামুলপুৰ: বিজয়ৰ শেষ হাঁহি মৰাৰ পিছত আজি প্ৰথমবাৰলৈ তামুলপুৰৰ নিজ বাসগৃহত উপস্থিত হোৱা নৱ নিৰ্বাচিত সাংসদ নৱ কুমাৰ শৰণীয়াক বিভিন্ন দল সংগঠন তথা ৰাইজে বিপুল আদৰণি জনায়। ২০২০ চনত বিটিচি পৰিষদ দখলৰ বৃহৎ পৰিকল্পনাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে সাংসদগৰাকীয়ে। কোকৰাঝাৰ লোকসভা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত শেষ বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হোৱা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক আজি তামুলপুৰৰ নিজ বাসগৃহৰ সন্মুখত বিভিন্ন দল-সংগঠন তথা সামাজিক ব্যক্তিয়ে বিপুল আদৰণি জনায়।
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজে বিটিএডিৰ অখণ্ডতা ৰক্ষা কৰাৰ স্বাৰ্থত পুনৰবাৰ জয়ী কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰি যিসকল ৰাইজৰ ভোট অথলে গ'ল তেওঁলোকক পুনৰ বিবেচনা কৰিবলৈ কৈ ধন্যবাদ জনায়। পৰৱৰ্তী লক্ষ্য হিচাবে সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে বিটিএডিত অবড়ো লোকসকলে ভুগি অহা বিভিন্ন সমস্যা সম্পৰ্কত তথা নাগৰিকত্ব বিধেয়ক, মাটিৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, চাকৰি, ৰাইজৰ অধিকাৰ সুৰক্ষাৰ বাবে সংসদত মাত মাতি যাব বুলি কয়।
২০২০ চনত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত পৰিষদ দখলৰ বিশেষ পৰিকল্পনা হাতত লোৱা বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। লগতে যিসকলে সাংসদগৰাকীৰ সমৰ্থকৰ ওপৰত সাধাৰণ লোকৰ ওপৰত হাত উঠাইছে তেওঁলোকক সকিয়াই দিয়াৰ লগতে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সাংসদগৰাকীয়ে।