05/26/2019 - 12:57
in
কলগাছিয়া: জনীয়া সমষ্টিৰ কলগাছিয়াৰ বালাগাঁও হাইস্কুলত নিশাৰ ভাগত এক চুৰিকাণ্ড সংঘটিত হয়। অন্ধকাৰৰ সুযোগ লৈ চোৰে লুটি নিলে ৯ টাকৈ কম্পিউটাৰ ছেট, প্ৰিণ্টাৰ আদি। বিদ্যালয়ৰ গেট আৰু গ্ৰীলৰ তলা ভাঙি সংঘটিত কৰে এই চুৰিকাণ্ড। কম্পিউটাৰ চুৰিৰ সংক্ৰান্তত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু সেইমৰ্মেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে দুসপ্তাহৰ পূৰ্বেও কলগাছিয়াৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও গ্ৰীলৰ তলা ভাঙি চোৰে ৯ টাকৈ কম্পিউটাৰ ছেট চুৰি কৰিছিল। চোৰে শেহতীয়াভাৱে বিদ্যালয়ৰ পৰা কম্পিউটাৰ আদি চুৰি কৰা কাণ্ডই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।