ভাগৰ নহয়, ৰে'লৱে প্লেটফৰ্মত এতিয়া পাব আৰাম!

 03/10/2019 - 13:18

গুৱাহাটী: প্লেটফৰ্মত ছিৰি বগাই ভাগৰি পৰা ৰে'ল যাত্রীসকলৰ বাবে সুখবৰ। এতিয়া আৰু ৰে'লত যাত্রাৰ আগত প্লেটফৰ্মত ছিৰি বগাই থাকিব নালাগে। কিয়নো, নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেই অসমৰ বিভিন্ন প্লেটফৰ্মসমূহত স্থাপন কৰিব লিফ্ট আৰু এছকেলেটৰ। যোৱা ৯ মাৰ্চত মঙলদৈৰ সাংসদ ৰমেন ডেকাই গুৱাহাটী ৰে'লৱে ষ্টেচনত মুকলি কৰে দুটা এছকেলেটৰ আৰু এটা লিফ্ট।

উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই জনোৱা মতে, অহা এবছৰৰ ভিতৰত আৰু ২৯ টা এছকেলেটৰ আৰু ৩৬ টা লিফ্টৰ কাম সম্পূৰ্ণ কৰা হ'ব। সাংসদ ডেকাই গুৱাহাটী ৰে'লৱে ষ্টেচনত আৰু ৬টা এছকেলেটৰৰ আধাৰশিলা স্থাপন কৰে। যাৰ কাম অহা বছৰ সম্পূৰ্ণ হ'ব। লামডিং ৰে'লৱে ষ্টেচনতো লামডিঙৰ স্থানীয় সাংসদ চিবু মিশ্ৰাই দুটা এছকেলেটৰৰ আধাৰশিলা স্থাপন কৰে।

ৰঙিয়া আৰু লামডিঙৰ উপৰি নিউ তিনিচুকীয়া, আগৰতলা, ডিমাপুৰতো এছকেলেটৰ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে এনএফ ৰে'লৱেই। ২০১৮ৰ ছেপ্তেম্বৰত নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনত প্ৰথম লিফ্টটো স্থাপন কৰা হৈছিল। বৰ্তমান গুৱাহাটী, কাটিহাৰ, নিউ কোচবিহাৰ ৰে'লৱে ষ্টেচনত এটাকৈ লিফ্ট আৰু নিউ জলপাইগুৰিত দুটাকৈ লিফ্টৰ ব্যৱস্থা আছে।

এই লিফ্ট আৰু এছকেলেটৰসমূহে যাত্রীসকলৰ বিশেষকৈ বয়সস্থ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সহায়ক হ'ব বুলি ব্যক্ত কৰে এনএফ ৰে'লৱেৰ কৰ্তৃপক্ষই। লগতে সমগ্ৰ দেশতে ৩,০০০ এছকেলেটৰ আৰু ১,০০০ লিফ্ট স্থাপনৰ লক্ষ্য লৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।