লংকা: হিন্দী বোলছবিত আৰক্ষীৰ সাজত নায়কে ভিলেইনক ধৰি নানান অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিত কৰা আমি সকলোৱে দেখিছো। সেই হিন্দী বোলছবিৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকাত। অপৰাধীক ধৰি থানালৈ নিয়াৰ পৰিৱৰ্তে বাটতে গুণ্ডা লগাই মাৰপিত কৰালে আৰক্ষীয়ে। উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে হোজাই জিলাৰ লংকাৰ উদালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া দিলিপ দাসে ১৮ মে' তাৰিখে বামুনগাঁওৰ চাহাৱ উদ্দিন নামৰ লোকজনক থানালৈ উঠাই আনি ১৯ তাৰিখে নগদ ধন ২৫০০ টকা লৈ এৰি দিয়ে।
পিছত পুনৰ উদালী আৰক্ষী বিষয়া দিলিপ দাসসহ এটি আৰক্ষী দলে ২১ তাৰিখে নিশা ১২ মান বজাত বামুনগাঁওৰ নিজ গৃহৰ পৰা চাহাৱ উদ্দিনক উঠাই আনি থানা পোৱাৰ আধা কি.মি. দূৰত গাড়ী ৰখাই চাহাৱ উদ্দিনৰ দুই হাত বান্ধি গাড়ীৰ পৰা নমাই গুণ্ডা লগাই মাৰধৰ কৰে। পিছত পুনৰ আৰক্ষীৰ গাড়ীত উঠাই উদালী থানালৈ লৈ আহে আৰু থানাত আহি চাহাৱ উদ্দিনক মাৰপিত কৰাৰ লগতে তেওঁৰ গুপ্ত অংগত মেচ মাৰি জ্বলাই দিয়ে।
পিছত পুৱা ২২ আৰু ২৩ মে' তাৰিখে চাহাৱ উদ্দিনৰ পৰিয়ালৰ আত্মীয় থানালৈ অহাত চাহাৱ উদ্দিনক জেললৈ প্ৰেৰণ কৰা হ'ল বুলি আৰক্ষীয়ে কৈ অপৰাধীজনৰ পৰিয়ালক খেদি পঠিয়ায়। পিছত ২৪ মে' তাৰিখে পুনৰ দিলিপ দাসে চাহাৱ উদ্দিনৰ মাকক ঘৰৰ পৰা থানালৈ মাতি আনি চাহাৱ উদ্দিনক চমজাই দিয়ে। পিছত অসুস্থ চাহাৱ উদ্দিনৰ পৰিয়ালে চাহাৱক চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে আজি ঘটনা সন্দৰ্ভত উদালী আৰক্ষী বিষয়া দিলিপ দাস, আব্দুল মানিক, লাটিফ, আইনুল হক আৰু শুকুৰৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে উদালী আৰক্ষী বিষয়া দিলিপ দাসক ঘটনা সন্দৰ্ভত সোধ-পোছ কৰাত সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে। এতিয়া প্ৰশ্ন হয় এইয়াই নেকি আধুনিক অসম আৰক্ষী। এই অমানৱীয় আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কিবা ব্যৱস্হা গ্ৰহণ কৰিবনে প্ৰশাসনে? নে আৰক্ষী বিষয়া বুলিয়েই তেওঁ হাত সাৰি যাব?