তামুলপুৰ: বিশেষভাৱে সক্ষমতায়ো যে উচ্চ শিক্ষা গ্ৰহণত প্ৰাচীৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰিলে ঋতুৰাজ দাসে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সাফল্য অৰ্জন কৰিলে তামুলপুৰ মহকুমাৰ দ্বাৰকুছিৰ এজন দৃষ্টিহীন ছাত্ৰ ঋতুৰাজ দাসে৷ ঋতুৰাজৰ এই ফলাফলে পৰিয়ালৰ মাজত কঢ়িয়াই আনিছে আনন্দৰ বন্যা৷ দ্বাৰকুছি নিবাসী দিলীপ দাসৰ মেধাবী পুত্ৰ ঋতুৰাজ দাসে আজিৰ পৰা ২ বছৰ আগেয়ে গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়ত অধ্যয়ন কৰিছিল৷
২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত কলা শাখাত নামভৰ্তি কৰা ঋতুৰাজে এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ শনিবাৰে পৰীক্ষাৰ ফল ঘোষণা হোৱাত দৃষ্টিহীন ছাত্ৰ ঋতুৰাজ দাসে কটন মহাবিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে দৃষ্টিহীন ছাত্ৰৰ ভিতৰতে সৰ্বোচ্চ ৭১ % নম্বৰ লাভ কৰাৰ লগতে বুৰঞ্জী বিষয়ত (৯৩) লেটাৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে৷
মেধাসম্পন্ন এই প্ৰতিভাৱান ছাত্ৰগৰাকীয়ে মুঠ ৩৫৭ নম্বৰ লাভ কৰে৷ এই গৰাকী মেধাসম্পন্ন ছাত্ৰ ঋতুৰাজৰ সাফল্যত সন্তুষ্টি লাভ কৰিছে পিতৃ-মাতৃ আৰু পৰিয়াল তথা দ্বাৰকুছিৰবাসী ৰাইজে৷