05/26/2019 - 14:30
in
চামগুৰি: নগাঁও জিলাৰ চামগুৰিৰ নিজ লাওখোৱা দৈনিক বজাৰত এটা মাছ গৃহ নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বিগত এবছৰ ধৰি চৰকাৰক অনুনয় বিনয় কৰি আহিছে যদিও আজিলৈ চৰকাৰী ফালৰ পৰা কোনো সহাঁৰি নাপালে স্থানীয় ৰাইজে। মাছ বজাৰত গৃহ নোহোৱাৰ বাবে বজাৰখনৰ য'তে ত'তে মাছৰ অৱশিষ্টখিনি গেলি পচি দুৰ্গন্ধৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে বিভিন্ন বেমাৰত ভুগিবলগীয়া হৈছে।
উক্ত কদৰ্যময় পৰিবেশৰ পৰা ৰক্ষা পাবলৈ স্থানীয় সচেতন ব্যক্তিসকলে পৰিৱৰ্তনকামী চৰকাৰখনক কেইবাবাৰো অৱগত কৰাৰ পাছতো কোনো সহাঁৰি পাবলৈ সক্ষম নহ'ল বুলি একাংশ স্থানীয় সচেতন ব্যক্তিৰ লগতে ব্যৱসায়ীসকলে ক্ষোভ প্ৰকাশ কৰিছে।
উন্নয়নৰ নামত ফটা ঢোল বজোৱা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে অনাগত দিনত নিজ লাওখোৱা বজাৰৰ মাছ বজাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়।