হাউলীত বঙালী যুৱ ছাত্র ফেডাৰেচনৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

 05/26/2019 - 14:51

হাউলী: ন্যায়সংগত পক্ষপাতহীন এনআৰচি প্ৰস্তুতকৰণ, ডি ভোটাৰ, ডিটেনচন কেম্পত ঘোষিত বিদেশীৰ নামত ভাৰতীয় নাগৰিকক অত্যাচাৰ বন্ধ কৰা আৰু এনআৰচিৰ ভিত্তিহীন অভিযোগকাৰীক শাস্তিৰ দাবীত সদৌ অসম বঙালী যুৱ ছাত্র ফেডাৰেচনৰ হাউলী আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাউলী চাৰিআলিত ৰূপায়ন কৰা হয়।

উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে, ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, এনআৰচিৰ নামত হাৰাশাস্তি বন্ধ কৰক, অসমৰ বান আৰু গৰাখনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি বন্ধ কৰক, এনআৰচিৰ হিয়াৰিঙৰ নামত অত্যাচাৰ বন্ধ কৰক, এনআৰচিত আপত্তিকাৰীসকলক হিয়াৰিঙত উপস্থিত কৰক আদি শ্ল'গানেৰে ধৰ্মঘটস্থলী উত্তাল কৰি তুলে।

উক্ত কাৰ্যসুচীত যুৱ ছাত্র ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰতন সেনসহ প্ৰায় কুৰিজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।