বৰপথাৰত কয়লাৰ অবৈধ বেহা

 05/26/2019 - 15:02

সৰুপথাৰ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত কয়লা মাফিয়াৰ দপদপনি। আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ চকুত ধূলি দি দিন দুপৰতে চলাইছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা। চুবুৰীয়া কাৰ্বি আংলং জিলাৰ পৰা দিন দুপৰতে বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত ২নং প্ৰেমহৰাস্থিত বাংকা চাহনী মালিকানাধীন ইটাভাটালৈ ১২ চকীয়া এলপি গাড়ীয়ে সৰবৰাহ কৰিছিল কয়লা।

বৰষুণৰ ফলত ইটাভাটালৈ যোৱা পথটোত কয়লাভৰ্তি ১২ চকীয়া গাড়ীখন সোমাব নোৱৰাত অঙ্গা তিনিআলিত ট্ৰাকখনত থকা কিছু পৰিমাণে কয়লা আনলোড কৰোতেই সাংবাদিক অহাৰ খবৰ পাই কয়লাসহ ট্ৰাকখন সেই স্থানৰ পৰা পলাই যায়। মহকুমা প্ৰশাসনে বন্ধ কৰি থোৱা ইটাভাটাত বাংকা চাহনীয়ে চলাইছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা। ইটাভাটাত কয়লাৰ ষ্টক বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে কয়লা অবৈধ ইটাভাটাৰ মালিক বাংকা চাহনীয়ে।

ইফালে যাৱতীয় কোনো নথি নথকা এই ইটাভাটাতো প্ৰশাসনে বন্ধ কৰি ৰখাৰ পাচতো কাৰ আৰ্শীবাদত আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ চকুত ধূলি দি কেনেকৈ বাংকা চাহনীয়ে ভাটাত অবৈধ কয়লাৰ ৰমৰমীয়া বেহা চলাইছে সেইয়াহে ৰহস্যৰ আৱৰ্তত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।