এখন দুৰ্ভগীয়া গাঁওঃ আজিলৈকে পোৱা নাই এটাও চৰকাৰী আঁচনিৰ ঘৰ, লগতে পোৱা নাই কোনো চৰকাৰী আঁচনি

 06/16/2021 - 12:39

 


ৰঙিয়াঃ যি সময়ত চৰকাৰে আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিভিন্ন ধৰণৰ আঁচনি দিয়া কথা সমূহ সভাই, সমিতিয়ে বা সংবাদ মাধ্যমৰ আগত বুকু ফুলাই কৈ থাকে। যোৱা ৫ বছৰত সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে শ শ আঁচনি আৰু লগতে হিতাধিকাৰী সৃষ্টি কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছিল। কিন্তু সেই সময়তে কিছুমান Ground ৰিপৰ্টে সেই ফোঁপোলা স্বৰূপতো দাঙি ধৰে। তেনে এখন ছবি হ’ল, ৰঙিয়া সমষ্টিৰ অন্তৰ্গত অৰিমত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ গোগমালাচা নামৰ এই গাঁওখনত ৰাইজে আজিলৈকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিৰ লগতে পোৱা নাই এটাও চৰকাৰী আঁচনিৰ আৱাস গৃহ।

এই গাঁওখনৰ অধিকাংশ লোকে খেতি প্ৰধান লোক। এই লোকসকলৰ থকা ঘৰসমূহ একেবাৰে বেয়া ভঙা তৰ্জা বা মাটিৰে তৰ্জাত লেপ দিয়া ঘৰ। বৰষুণ দিলে কিছুমান লোকৰ ঘৰৰ মুধচৰে পানী পৰে। চৰকাৰী আঁচনিৰ ঘৰ যদি এই লোকসকলে নাপাই তেন্তে পাব কোনে? ৰাইজে অভিযোগ কৰি কয় যে আজি বছৰ বছৰ ধৰি এই গাঁওবাসীয়ে কিয় সকলো আঁচনিৰ পৰা বঞ্চিত? প্ৰত্যকবাৰ পঞ্চায়তৰ লোক আহি তেওঁলোকৰ ঘৰৰ নামত কাগজ পত্ৰ লৈ যায় লগতে ফটো উঠাই যায় কিন্তু আজিলৈকে তেওঁলোকে আঁচনিৰ ঘৰ এটা নোপোৱাত ক্ষোভিত হৈ পৰে গাঁওবাসী।

লগতে তেওঁলোকে অভিযোগ কৰি কয় যে যিসকল লোকে আগতে ঘৰ পাইছে সেই সকল লোকে প্ৰত্যকবাৰে ঘৰ পাই সেইসকল লোকে অৰুনোদই আঁচনিৰ ধন পাই কিন্তু পাবলগীয়া দুখীয়া মানুহে কিয় নাপাই বুলি প্ৰশ্ন কৰে চৰকাৰক তথা পঞ্চায়ত প্ৰতিনিধিক। চৰকাৰক তেওঁলোকে কাতৰ অনুৰোধ কৰে যে যিসকল দুখীয়া হাজিৰা কৰি খাটি খোৱা লোকসকলক তেওঁলোকক অন্তত চৰকাৰে চকু মেলি চাই কিছু সহায় কৰে যেন। যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰ খনে বন্ধন লোণৰ কোটি কোটি টকা মাফ কৰিব ওলাইছে তেনে সময়ত অসমৰ এনেকুৱা বহু দুখীয়া লোকসকলৰ বাবে কিছু ধন ওলাব নে চৰকাৰৰ হাতৰ পৰা? সেইয়া সময়ত উত্তৰ পোৱা যাব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.