আমগুৰি: শৰীৰত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে নিহাৰীকাই। আমগুৰিৰ চামগুৰি নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ পৰা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে নিহাৰীকা হাতীবৰুৱা। দিকচু চোমদাৰ গাঁওৰ নিবাসী প্ৰমোদ হাতীবৰুৱা আৰু দীপামণি হাতীবৰুৱাৰ কন্যা নিহাৰীকা ২০১৩ চনতে আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কট ৰোগত।
শৰীৰৰ যন্ত্ৰণাক হাতৰ মুঠিত লৈ নিহাৰীকাই ২০১৭ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল লাভ কৰাৰ পিছত উচ্চতৰ মাধ্যমিকতো সুখ্যাতিৰে উৰ্ত্তীণ হয়। নিহাৰীকাই ইংৰাজী, অসমীয়া, জিঅ'লজী, সমাজতত্ত্ব, ৰাজনীতি বিজ্ঞানত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। নিহাৰীকাক লৈ গৌৰৱ কৰিছে নিহাৰীকাৰ পিতৃ-মাতৃৰ লগতে নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। অঞ্চলবাসীয়েও আনন্দত আত্মহাৰা হৈ উঠিছে।
ইতিমধ্যে নিহাৰীকাই শিৱসাগৰ কলেজত নামভৰ্তী কৰিব বুলি জনাইছে। নিহাৰীকাৰ প্ৰৱল উচ্চাকাংক্ষাই কৰ্কট ৰোগকো একাষৰীয়া কৰি আত্মবিশ্বাসৰ বলত অঞ্চলটোলৈ এটা সুন্দৰ ফলাফল কঢ়িয়াই আনে। ২০০০ চনত জন্মগ্ৰহণ কৰা নিহাৰীকা ২০১৫ চনত ব্যয়বহুল চিকিৎসাৰ অন্তত গুৱাহাটীত অপাৰেচনৰ যোগেদি আৰোগ্য লাভ কৰে।