চাংসাৰিৰ ৰূপকোঁৱৰ একাডেমিৰ নাম উজলালে মানসী দাসে

 05/26/2019 - 15:28

গুৱাহাটী: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত প্ৰথম দহৰ ভিতৰত নৱম স্থান দখল কৰি চাংসাৰিৰ ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান ৰূপকোঁৱৰ একাডেমিৰ নাম উজলালে মানসী দাসে। কামৰূপ জিলাৰ অন্তৰ্গত বেজেৰা আঞ্চলিক মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰূপকোঁৱৰ একাডেমিৰ ছাত্ৰী মানসী দাসে ৪৬৬ নম্বৰ লাভ কৰি এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

চাংসাৰিৰ সমীপৱৰ্তী চৌকী সেন্দুৰীঘোপা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰেমধৰ দাস আৰু দিপাঞ্জলী দাসৰ কন্যা মানসী দাসৰ এই সফলতাৰ পিছতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। ইয়াৰ লগতে একাডেমীখনৰ অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজে তেওঁৰ একাডেমিৰ লগতে সমগ্ৰ কামৰূপ জিলালৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰীগৰাকীৰ সফলতাত যথেষ্ট সুখ আৰু আনন্দ প্ৰকাশ কৰি ছাত্ৰী গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

তাৰোপৰি একাডেমীখনৰ এই সফলতাৰ পিছতে অঞ্চলটোৰ শুভাকাংক্ষীৰ লগতে ইয়াৰ শিক্ষাৰ্থীসকল যথেষ্ট উৎফুল্লিত হৈ ছাত্ৰীগৰাকীক লগত লৈ এক ৰেলী উলিয়াই মানসীক অভিবাদন জনাইছে। মানসীৰ এই সফলতাৰ পিছতে অঞ্চলটোৰ শুভাকাংক্ষীসকলে সফলতা লাভ কৰা ছাত্ৰীগৰাকীৰ লগতে একাডেমীখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজকো অভিনন্দন জনাই একাডেমীখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।