বৰপেটাত নিৰুদ্দেশ এজন ব্যৱসায়ী

 05/26/2019 - 17:52

বৰপেটা: বৰপেটা জিলাৰ চেনিমাৰীত এজন লোকৰ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নগৰ শিকদাৰ(৪৮) নামৰ এজন ব্যৱসায়ীক কালি কোনোবাই ফোনযোগে মাতি নিছিল বৰপেটালৈ। তাৰপিছৰে পৰা মানুহজন সন্ধানহীন হৈ আছে। নতুনকৈ ক্ৰয় কৰা নম্বৰবিহীন পালছাৰ বাইক এখন লৈ ঘৰৰ পৰা ওলাই যোৱা মানুহজনৰ লগত তিনি লাখ টকা আছিল।

এতিয়ালৈকে মানুহজনৰ কোনো শুংসূত্ৰ পোৱা নাই যদিও পৰিয়ালৰ লোকে তাৰাবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। লগতে পৰিয়ালৰ লোকে নগৰ শিকদাৰৰ কিবা শুংসূত্ৰ পালে +91 90272 28957 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।