প্ৰতিবিম্ব লাইভৰ ধাৰাবাহিক বাতৰি পিছতে সৰব জাতীয় সংগঠনঃ টীয়কৰ আবকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আছু, চুতীয়া ছাত্র সন্থাৰ স্মাৰক পত্ৰ উদ্ধৰ্তম কৰ্তৃপক্ষক

 06/19/2021 - 12:36

 

 


টীয়কঃ টীয়ক আবকাৰীৰ সহকাৰী উপ-পৰিদৰ্শক ৰূপান্তৰ কাকতিৰ অবৈধ মদ বেপাৰীৰ সৈতে গোপন বুজাবুজি আৰু অবৈধ মদৰ অভিযোগ দিবলৈ কাৰ্যালয়লৈ যোৱা মহিলাক অশভ্য আচৰণ কৰা সন্দৰ্ভত প্ৰতিবিম্ব লাইভৰ লগতে একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে সৰব হৈছে টীয়ক আঞ্চলিক ছাত্র সন্থাৰ লগতে যোৰহাট জিলা চুতীয়া ছাত্র সন্থা। সংগঠন দুটাই ইতিমধ্যে টীয়ক ৰাজহচক্ৰৰ চক্ৰবিষয়াৰ যোগেদি উদ্ধৰ্তম কৰ্তৃপক্ষলৈ এই সন্দৰ্ভত স্মাৰক প্ৰেৰণ কৰিছে। ইফালে আবকাৰী আৰু অবৈধ মদ বেপাৰীৰ গোপন বুজাবুজি পুণৰ প্ৰমাণিত হ'ল।

পুনৰ লাহডৈগড় আৰক্ষীয়ে ঢেকীয়াখোৱা অঞ্চলৰ পৰা যোৱা ১৬ জুনত এটা অবৈধ মদ বেপাৰীক আটক কৰি চমজালে আবকাৰীক। লাহডৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে গোপন সুত্ৰে খবৰ পাই অভিযান চলাই এখন দুচকীয়া বাহনৰ সৈতে আটক কৰে মদ বেপাৰীটো। পিছত মদ বেপাৰীটোক আবকাৰীক চমজাই দিয়ে। সেই কথা স্বয়ং আবকাৰীয়েই স্বীকাৰ কৰে। উল্লেখ্যযে টীয়ক আৰু ভগামুখ আৰক্ষী থানা সামৰি থকা টীয়কৰ আবকাৰী কাৰ্যালয়ে বৃহত্তৰ অঞ্চলটোৰ অবৈধ মদ আৰু ভাং বেপাৰীৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহণ নকৰি গোপন বুজাবুজিৰে জেপ গধুৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।

লক্ষ্যণীয় যে ভগামুখ থানা এলেকাৰ চিন্তামণিগড়, ভগামুখ আদি অঞ্চলত ২৪৩ খনতকৈ অধিক অবৈধ মদৰ বিপনি থকা বুলি স্থানীয় লোকে জানিবলৈ দিয়াৰ পিছতো ভগামুখ আৰক্ষী আৰু আবকাৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰি পূৰ্বৰ দৰেই কমিচনৰ অংকত থকা বুলি অভিযোগ উত্থাপিত হৈছে। ওপৰৱালাক মেনেজ কৰি ৰখা বুলি সততে জাহিৰ কৰা টীয়কৰ আবকাৰী সহকাৰী উপপৰিদৰ্শক ৰূপান্তৰ কাকতিৰ বিৰুদ্ধে জাতীয় সংগঠনে অভিযোগ উত্থাপিত কৰি স্মাৰক পত্ৰ প্ৰদানৰ পিছত উৰ্দ্ধতম কৰ্তৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰে সেয়া সময়তহে পৰিলক্ষিত হ’ব?

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.