নগাঁৱৰ টুকটুকীত চাঞ্চল্যকৰ ঘটনা: ফলাফল লৈ ওভতাৰ পথত ছাত্ৰক আক্ৰমণ

 05/26/2019 - 18:05

বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী টুকটুকীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিনাই এজন ছাত্ৰক মাৰপিট কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিবৰণী মতে বৰচিলাস্থিত কনপাই বৰদলৈ কলেজৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা তথা টুকটুকী গাঁৱৰ নুৰ উদ্দিনৰ পুত্ৰ আশ্বিকুল আলম(১৮) শনিবাৰে পৰীক্ষাৰ ফলাফল লৈ দিনৰ প্ৰায় ১২ বজাত জাজৰি-ধিং সংযোগী গড়কাপ্তানী পথেৰে ঘৰলৈ আহি থাকোতে টুকটুকীত আগতে খাপ পিতি থকা চাৰিজন দুৰ্বৃত্তই আগচি ধৰি মাৰপিট কৰে।

বুকু, ককাল আৰু হাতত আঘাতপ্ৰাপ্ত হোৱা মেধা সম্পন্ন ছাত্ৰজনক আহত অৱস্থাত উদ্ধাৰ কৰি স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে ধিং এফআৰইউত ভৰ্তি কৰায়। ঘটনা সংক্ৰান্তত ছাত্ৰজনে ন্যায় বিচাৰি জহিৰুল ইছলাম, বাবলু, আছিকুল আলমৰ বিৰুদ্ধে আহোম গাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে।

পিছপৰা অঞ্চলটোৰ বিজ্ঞান শাখাৰ মেধাবী ছাত্ৰ আশ্বিকুল আলমক এনেদৰে দিন দুপৰতে মাৰপিট কৰা ঘটনাক বিভিন্ন ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজে ধিক্কাৰ দিয়াৰ লগতে ঘটনাৰ তদন্তৰ দাবী তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।