ঘগ্ৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই দুধৰ্ষ ডকাইতক

 05/26/2019 - 18:33

নলবাৰী: দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি অপহৰণ কাৰ্যৰে আৰক্ষীৰ টোপনি হৰণ কৰা দুই ডকাইত অৱশেষত জালত পৰিল আৰক্ষীৰ। মঙ্গলদৈ কামৰূপ আৰু নলবাৰী জিলাৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল এই দুধৰ্ষ ডকাইতকেইটা। ট্ৰাক হাইজেক আৰু ডকাইতি কাৰ্য ৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিলে নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰিলে দুই দুধৰ্ষ ডকাইতক। অভিযুক্ত ডকাইত দুজন হ'ল গোৰেশ্বৰৰ হৰিজোৰা গাঁৱৰ নজৰুল আলি ওৰফে ৰাতুল আৰু বাইহাটাৰ খেপকুছিৰ জান মামুদ আলি ওৰফে মেলা।

অভিযোগ মতে ধৃত দুই যুবক এটি ডকাইত দলৰ মাষ্টাৰ মাইণ্ড। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত ধৰা পৰিল এই দুই দুধৰ্ষ ডকাইত। উল্লেখযোগ্য যে ঘগ্ৰাপাৰ আৰক্ষী থানাত যোগদান কৰিয়ে ডকাইতৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাইছে দক্ষ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে।

ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু হৈ থকা 60/19 আৰু 366/395 গোচৰৰ ভিক্তিত গ্ৰেপ্তাৰ কৰা হ'ল এই দুই দুধৰ্ষ ডকাইত। নলবাৰী, কামৰূপ আৰু মঙ্গলদৈ আৰক্ষীৰ টোপনি হৰণ কৰা এইকেইটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ট্ৰাকচালকসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।