ৰঙাপৰা: শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। উক্ত ঘটনাই সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তাৰাজুলি চাহ বাগিচাৰ ২ নং লাইনৰ কাৰ্লোছ বাৰাইকৰ কনিষ্ঠ পুত্ৰ ৰাজেশ বাৰাইকে নিজৰ ককায়েক অমল বাৰাইকক শনিবাৰে নিশা ৯ মান বজাত এখন কোৰেৰে প্ৰহাৰ কৰাত ককায়েক অমল বাৰাইকে থিতাতে মৃত্যুক সাৱটি লয়।
কোনো কথাক কেন্দ্ৰ কৰি ভাই-ককাইৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰ বাবেই চৰম পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হয় বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। হত্যা সংঘটিত কৰি হত্যাকাৰী ৰাজেশ বাৰাইক পলায়ন কৰিব বিচৰাত স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষী থানাত ঘটনা সংক্ৰান্তত অৱগত কৰাত ৰঙাপৰা আৰক্ষী থানাৰ ভাৰাপ্রাপ্ত আৰক্ষী বিষয়া দিলিপ বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযুক্ত ৰাজেশ বাৰাইকক কাৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে অভিযুক্ত ৰাজেশ বাৰাইকক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৮৫/১৯ এটি গোচৰ ৰজু কৰি অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে আৰু মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি তেজপুৰ অসামৰিক কনকলতা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হত্যাকাৰী ৰাজেশ বাৰাইক মানসিক ভাৰসাম্যহীন বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে।