১ জুলাইৰ পৰা খুলিব চৰকাৰী কার্যালয়ৰ লগতে বেচৰকাৰী প্রতিষ্ঠানসমূহো

 06/20/2021 - 15:26

 

নিউজ ডেস্কঃ ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি কিছু উন্নত হোৱাৰ সময়তে চৰকাৰী কার্যালয় নিয়মীয়াকৈ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ সেই অনুসৰি অহা এক জুলাইৰ পৰা চৰকাৰী–বেচৰকাৰী সকলো প্রতিষ্ঠানৰ কর্মচাৰী কার্যালয়লৈ আহিব লাগিব৷ এই কথা স্পষ্ট কৰি ড০ শর্মাই কয়– চৰকাৰী কর্মচাৰীসকলক মই অনুৰোধ কৰিম যে অহা ১ জুলাইৰ পৰা চৰকাৰী কার্যালয়সমূহ খুলিব লাগিব৷

সেয়েহে আপোনালোকে যেন নিশ্চিতভাৱে ক’ৰোনা ভেকচিন লয়৷ ব্যক্তিগত প্রতিষ্ঠানসমূহে যদি নিয়মীয়াকৈ কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে তেওঁলোকৰো কর্মচাৰীৰ এশ শতাংশ ভেকচিন প্রদান হ’ব লাগিব৷ চৰকাৰী–বেচৰকাৰী সকলো কর্মচাৰীৰ এশ শতাংশ ভেকচিন প্রদান সম্পন্ন হ’লে আমি চাৰি অথবা পাঁচ বজালৈ কাম কৰাৰ অনুমতি দিব লাগিব৷

ৰাজ্য চৰকাৰে ২১ জুনৰ পৰা ৩০ জুনলৈ ৰাজ্যত প্রতিদিনে তিনি লক্ষাধিকক ক’ৰোনা ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লৈছে।মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা ধাৰণা কৰিব পাৰি যে, এক জুলাইৰ পৰা চৰকাৰী কার্যালয়–বেচৰকাৰী প্রতিষ্ঠানসমূহ নিয়মিতভাৱে চলিলে দোকান–পোহাৰ তথা ব্যৱসায়িক প্রতিষ্ঠান সন্ধিয়া পাঁচ বজালৈ খোলাৰ অনুমতি হ’ব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.