গহপুৰ: ডিম্বেশ্বৰ শইকীয়া আৰু কনমাই শইকীয়াৰ কন্যা তুলিকা শইকীয়াই কলা শাখাত দৰিদ্ৰতাক নেওচি ষ্টাৰ মাৰ্কসহ ইংৰাজী আৰু ঐচ্ছিক অসমীয়া বিভাগত লেটাৰ লৈ ৭৫ % নম্বৰ পাই গহপুৰ মহকুমাৰ লগতে বৃহত্তৰ ডুবিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। গহপুৰ অঞ্চলত বিভিন্নজনে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে যদিও তুলিকা শইকীয়া কিছু ব্যতিক্ৰম৷ অভাৱ অনাটন অৰ্থনৈতিকভাৱে অতি দুৰ্বল এই পৰিয়ালটিত পঢ়া শুনা কৰি সীমিত সুবিধাৰে যথেষ্টখিনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰীগৰাকী শৈশৱৰ পৰাই পঢ়া শুনাৰ বাহিৰেও নৃত্য, গান, সাহিত্য আদিৰ দিশত আগৰণুৱা।
বিভিন্ন স্থানত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে তুলিকা। উল্লেখযোগ্য যে তুলিকাৰ পিতৃ কৃষি কৰ্মৰ লগত জড়িত তাৰোপৰি আৰ্থিকভাৱে অতি দুৰ্বল। দৰিদ্ৰতাৰ মাজেৰে যে তুলিকাই ৭৫% পাবলৈ সক্ষম হয় পিতৃ মাতৃৰ লগতে সমগ্ৰ ডুবিয়া অঞ্চলৰ ৰাইজ গৌৰাৱাম্বিত হৈ উঠিছে। নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে তুলিকাাই।
আৰ্থিক দৈন্যতাই কোঙা কৰা পৰিয়ালটিৰ মেধাবী ছাত্ৰীগৰাকীৰ সাফল্যত আনন্দিত আৰু উৎফুল্লিত উক্ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে অঞ্চলবাসী।এতিয়া তুলিকাৰ মাতৃ কনমাই শইকীয়াই আনন্দৰ মাজটো চিন্তিত হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰীজনীৰ সপোন কিদৰে বাস্তৱায়িত কৰিব পাৰিব। তুলিকাই স্নাতক ডিগ্ৰীৰ বাবে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিব বুলি জানিবলৈ দিয়ে ।