05/27/2019 - 12:23
in
ডিজিটেল ডেস্কঃ সোমবাৰে দেহাৱসান ঘটে তেজপুৰৰ প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বাৰ। পুৱতি নিশা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হয়।
১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈ তেখেতে সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল।মণি কুমাৰ চুব্বাৰ ১৯৫৮ চনৰ ১৬ মাৰ্চত দাৰ্জিলিঙত জন্ম হৈছিল।
২০১৪ চনৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন সাংসদজনৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰা দেখা গৈছে। উল্লেখ্য যে, প্ৰয়াত চু্ব্বা হৃদৰোগৰ বাবে পক্ষাঘাতত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
৬১ বছৰ বয়সত মৃত্যু হোৱা চুব্বাই পত্নী পিতমল চুব্বাসহ এটি পুত্ৰ সন্তান আৰু তিনিগৰাকী কন্যাক এৰি থৈ গৈছে।