সাৰদা কেলেংকাৰীঃ আজি গ্ৰেপ্তাৰ হ’ব পাৰে কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ

 05/27/2019 - 12:31

 ডিজিটেল ডেস্কঃ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খাই পৰা কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক আজি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। ছীটফাণ্ড কেলেংকাৰীৰ তদন্তৰ নামত তথ্য প্ৰমাণ নষ্ট কৰাৰ অপৰাধত চিবিআই-য়ে গ্ৰেপ্তাৰ কৰিব পাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰক্ষী বিষয়াগৰাকীক।

উল্লেখযোগ্য যে, এই সন্দৰ্ভত চিবিআই-য়ে জেৰা কৰিবলৈ যোৱা সময়ত বাধা দিছিল মমতা বেনাৰ্জীয়ে। আনকি ৭০ ঘণ্টা ধৰি কলকাতাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল মমতাই। ইয়াকে কেন্দ্ৰ কৰি চিবিআইৰ সৈতে পশ্চিমবংগ চৰকাৰৰ সংঘাত হৈছিল।১৯৮৯চনৰ আইপিএছ বিষয়াগৰাকীক ছীটফাণ্ড কেলেংকাৰীৰ তদন্ত গোটৰ মূৰব্বীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ফেব্ৰুৱাৰীত চিবিআইৰ এটা দলে ৰাজীৱ কুমাৰ ঘৰত অভিযান চলাবলৈ গৈছিল যদিও, মমতা বেনাৰ্জীৰ বাধা আৰু কলকাতা আৰক্ষীয়ে গঢ়ি তোলা বেষ্টনীৰ বাবে সেইবাৰ চিবিআই দলে বিষয়াজনক সোধ-পোছ কৰিব পৰা নাছিল।

ইতিমধ্যে চিবিআই-য়ে ৰাজীৱ কুমাৰ যাতে দেশ এৰি যাব নোৱাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত পৰৱৰ্তী সময় শ্বিলঙত চিবিআইৰ এক দলে জেৰা কৰিছিল ৰাজীৱ কুমাৰক। কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীয়ে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ জামিনো ল’ব লগা হৈছিল।সেই জামিন ২৪ মে’ত অন্ত পৰিছে।

উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এই জামিন অন্ত পৰাৰ পাছত সাৰদা কেলেংকাৰীৰ তথ্য প্ৰমাণ নষ্ট কৰাৰ অপৰাধত যিকোনো মুহূৰ্ততে ৰাজীৱ কুমাৰক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। এই পৰিস্থিতিতেই ৰাজীৱ কুমাৰক কলকাতা আৰক্ষী আয়ুক্ত পদৰ পৰা চিআইডি লৈ বদলি কৰা হৈছে। উল্লেখযোগ্য যে, প্ৰায় ৪হাজাৰ কোটি টকীয়া এই সাৰদা কেলেংকাৰীৰ বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰাৰ পাছতো আৰক্ষী বিষয়াগৰাকীয়ে চিবিআইক জমা নিদিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।