অসমীয়া যুৱকৰ চমকঃ মাত্র ৫০০ টকা ব্যয়ৰ ‘ত্রিলজি’ একাধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱলৈ আমন্ত্রিত

 05/27/2019 - 13:03

গুৱাহাটীঃ অসমত নৱপ্ৰজন্মৰ মাজত চিনেমা উদ্যোগৰ সৈতে জড়িত হােৱাৰ প্রৱণতা বৃদ্ধি পােৱাৰ পাছৰপৰা ৰাজ্যৰ ছবি উদ্যোগটো পুনৰ ঠন ধৰি উঠাৰ সম্ভাৱনা বৃদ্ধি পাইছে। অসমীয়া ছবিয়ে অস্কাৰৰ দুৱাৰডলি গৰকাৰ পাছত আন এজন যুৱকৰ এখন চুটি ছবিয়ে একাধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত প্ৰদৰ্শনৰ বাবে অফিচিয়েল ছিলেকশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ যুৱক দেৱাশিস ডেকাই ধপাত বিৰােধী সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিৰ্মাণ কৰা 'ত্রিলজি’ নামৰ এখন চুটি ছবিয়ে লছ এঞ্জেলছৰ লিফ্ট অব্ গ্ল’বেল নেটৱৰ্ক ছেছন ২০১৯ৰ লগতে ইটালিৰ চেফালু চলচ্চিত্র মহােৎসৱ ২০১৯ত প্রদর্শন কৰাৰ বাবে নির্বাচিত হৈছে।

আনহাতে ছবিখনে অসমৰ পথিক নামৰ এক সংস্থাই আয়ােজন কৰা ধঁপাত আৰু কৰ্কট ৰােগ বিৰােধী চুটি ছবি প্রতিযােগিতা ২০১৯ত প্রদর্শনৰ বাবেও ইতিমধ্যে বাছনি লাভ কৰিছে। মাত্র ১৮ বছৰীয়া দেৱাশিসৰ এইখন প্রথম চুটি ছবি। ছবি নির্মাণৰ কোনােধৰণৰ আনুষ্ঠানিক প্রশিক্ষণ অবিহনেই সতীর্থ ৰামজ্যোতি কৃষ্ণচৰণৰ সৈতে লগ লাগি নির্মাণ কৰা মাত্র ৬.৫৬ মিনিটৰ চুটি ছবিখন দেশ-বিদেশৰ অন্য প্রায় এক ডজন চলচ্চিত্র মহােৎসৱ প্রতিযােগিতাত অংশগ্রহণ কৰাৰ বাবে আৱেদন কৰা বুলিও পৰিচালক দেৱাশিস ডেকাই সদৰী কৰে।

তেওঁ প্রকাশ কৰে যে ছবিখন তেওঁ পৰিচালনা কৰাৰ লগতে সতীর্থ ৰামজ্যোতি কৃষ্ণচৰণে সম্পাদনা আৰু চিনেমাট’গ্রাফী কৰিছিল। মহানগৰীৰ বেহাৰবাৰী, বশিষ্ঠ, গণেশগুৰি আদি স্থানত শ্বুটিং কৰাৰ লগতে চুটি ছবিখন নিৰ্মাণৰ বাবে মাত্র ৫০০ টকা ব্যয় কৰা বুলি সদৰী কৰে। ছবিখন কেনন এম ৫০ কেমেৰাৰে শ্বুটিং কৰা বুলিও তেওঁ সদৰী কৰে।

আনহাতে প্রথমখন ছবিতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত অংশ গ্রহণ কৰাৰ সুযােগ পােৱাৰ পাছত দেৱাশিসে ‘বিশ্বাস’ৰ ওপৰত দ্বিতীয়খন চুটি ছবি নির্মাণ প্রকল্প হাতত লােৱাৰ কথাও সদৰী কৰে।'ত্রিলজি’ৰ বেকগ্ৰাউণ্ড স্কৰ পিংকুল আহমেদৰ। ইয়াত অভিনয় কৰিছে অৰুণাভ দাস,ধ্ৰুৱজ্যোতি দাস,মেঘদ্বীপ দেউৰী,ৰামজ্যোতি কৃষ্ণচৰণ,ঋতুৰাজ কোঁৱৰ,অনন্যা চৌধুৰী,দেৱাশিস ডেকা,নিকি সিনহা আৰু চিমৰণজিত দাসে। সপোনপিয়াসী এইজাক তৰুণ-তৰুণীক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে সংস্কৃতিপ্ৰেমীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।