05/27/2019 - 14:01
in
মৰিয়নীঃ মৰিয়নী জংচনৰ কাষতে লাগি থকা ৰে’ল ডিজেল ষ্টেতৰ বাবে তৈয়াৰ কৰা গৃহটোত বৰ্তমান তিতাবৰ মহকুমাৰ বিভিন্ন স্থানত নিয়োজিত হৈ থকা অতিৰিক্ত চিআৰপিএফ-ৰ জোৱানসকল আছে।
এই গৃহটোত এডাল প্ৰাপ্তবয়স্ক কেঁকো সাপ জোৱানসকলে প্ৰত্যক্ষ কৰি ৰে’ল বিভাগক খবৰ দিয়ে৷ পৰৱৰ্তী সময়ত তাত মৰিয়নী আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সদস্য উপস্থিত হয় লগতে ৰেল বিভাগ আৰু চিআৰপিএফ জোৱানৰ উপস্থিতিত মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা যোৱা এটা বনকৰ্মী দলে সাপটো উদ্ধাৰ কৰি গিবন হোলোঙাপাৰা সংৰক্ষিত বনাঞ্চলত সুৰক্ষিত অৱস্থাত নি মুকলি কৰি দিয়ে৷
বন বিভাগৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে লোৱা এই পদক্ষেপক মৰিয়নী জ্যেষ্ঠ নাগৰিককে ধৰি তাই আহোম ছাত্ৰ সন্থাই ধন্যবাদ জনায়৷